Skip to main content

Posts

Showing posts with the label Assamese love songs

কুত্তা kutta. অসমীয়া কবিতা Best Assamese abstract poem

কুত্তা, মালিকৰ ৰোৱা থোৱা খাই জীয়াই থাকিব লগা এটি প্ৰাণী । মালিকৰ মৰ্জিত পাব সি খাদ্য। ৰৈ থাকে ------ খাপ পাতে --- প্ৰচন্দ গোৰ ,,,, কেং কেং কেং । আকৌ  বিস্কুট, আকৌ লেতুসেতু। কৰণ মালিকে জানে, কুত্তাৰ চৰিত্ৰ।

খবৰহৈ আহিম নিশ্চিয় ঘুৰি assamese poem -Top Assamese Breakup Poem

খবৰৰ শূন্যতাত অবসাদ অনুভৱ, নাইকিয়া হল খবৰ বোৰ জীৱনৰ পৰা । লাহে লাহে বহু লাহে লাহে। গমেই নাপালো কেতিয়া কি হৈ গ'ল। ভিক্ষাৰী হ'লো নিকি জোন বাই ? নাছিলোঁ মই কৃষ্ণ পক্ষৰ চন্দ্ৰ। ...

সমুদ্ৰত মানিক বিচাৰি assamese kobita

পাৰাপাৰ বিহিন অথাই সমুদ্ৰত, এদিন মেলিছিলো নৌকা মোৰ, বিচাৰি জীৱন সাথৰৰ অৰ্থ বোৰ । উপকূলৰ সৈতে সমুদ্ৰৰ কি নিবিড় সম্পৰ্ক!! দেখিলো সদায়ে সমুদ্ৰই চৰণ পখালে , হিয়া উজাৰি মৰম ভা...

আদৰণি নতুন পুৱাৰ - Assamese Modern Motivational Poem for Lovers

Assamese Modern Motivational Poem for Lovers আদৰণি নতুন পুৱা, তোমাৰ জেউতিৰ পৰশত উজলি উঠিব আকৌ এটা নতুন জীৱন । বৃক্ষৰ ক্ষুদ্ৰ গুটিত থকা অপৰিসীম জীৱনী শক্তিৰ দৰে শক্তি সমাহিত তোমাৰেই কোমল হৃদয়ত । সপোন বিচাৰি জীৱনৰ মাজে মাজে কৰে গতি , নামানি বাধাৰ প্ৰাচীৰ।

লিপিত খাই দেহৰ ভাজে ভাজে assamese love poem

লিপিত খাই দেহৰ ভাজে ভাজে, একাত্ম হওঁ জীৱনৰ স'তে। চুটি চুটি উশাহত , নিশব্দ ৰজনীৰ নিদ্ৰা ভংগ। লাজতে লুকায় পূৰ্ণিমাৰ জোনটি, ঢাকিলৈ শুকুলা মেঘৰ ওৰণি। দৌৰি দৌৰি অশ্ব আজি ক্লান...

নতুনকৈ লিখিছিল প্ৰেমৰ পৰিভাষা

চকুৰ পানীৰে  তিয়াই দিছিলি, একমাত্ৰ সাৰথি কৰি গাৰুটোক । নিসংগতাক দিছিলি বিদায় , পাই অবেগ অনুভুতিৰ অৰ্থ বোৰ । নাযায় অথলে নিদ্ৰা বিহীন ৰজনীৰ ব্যাকুলতা ভৰা দিন বোৰ । তয়েই যো...

আগুৰি লৈছা , পাৰিছা । Assamese short poem

পাৰিছা । শিকিছা । সহিছা । কৰিছা । ভুগিছা । ডুবিয়াইছা । বুটলিছা । দেখিছা । পাৰিবা। ............................................ আগুৰি লৈছা , পাৰিছা । ন ন অভিজ্ঞতা, শিকিছা । কৰ্মৰ প্ৰবল হেছা, সহিছা । জ্ঞানৰ পূৰ্ণ ...

নপৰিব যিদিনা,মনত তোমালৈ Assamese Romantic Poem

নপৰিব যিদিনা, মনত তোমালৈ, জানিবা সিদিনা, বিলিন হলো বুলি। এৰি থৈ যাম সমস্ত পৃথিৱী, লগত লৈ যাম তোমাৰ স্মৃতি। লৈছো অম্লজান উশাহত আজি, নহয় কিন্তু ই মোৰ জীয়াই থকাৰ আশক্তি।   কৰিছো স্মৰণ ক্ষণে ক্ষণে তোমাক, ই যে মোৰ জীৱনৰ চালিকা শক্তি।

বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ !

বাস্তৱৰ পৰা বহু নিলগত , কল্পনাৰ ৰাজ্য । য'ত সপোন বোৰ সজীৱ হয় , পাই তোমাৰ আকুন্ঠ মৰম । কঁপিছে আকাশ , কঁপিছে মেদিনী, হঠাৎ খহিছে তৰা , প্ৰবল হেন্দোলনিত । তৰা বিহিন আকাশ যেন কল্পনাৰো অগোচৰ, আকাশেও পাব কষ্ট তৰা অবিহনে । ৰিক্ত হৃদয়ৰ কম্পন,খালি অনুভব, নাই কোনো তুলনা ,খালি অনুভব। নকও নকৰিবা বুলি  হিংসা, যদি দেখিছা , বুজিবা দহনৰ অগ্নিত তপ্ত প্ৰাণ , আহুতি দিবলৈকো আজি যেন একোৱেই নাই। তপ্ত বলুকাত আছোঁ  জীয়াই , বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ ! উপন্যাসৰ কাহিনীত কৈয়ো ৰোমাঞ্চেৰে পৰিপূৰ্ণ জীৱন !!!!

সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ

সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ, হব পাৰে ই মাত্ৰ ক্ষণতেকীয়া জৈবিক সন্তুষ্টি। প্ৰবল তাৰনা আৰু আবেগ মিহলি এক পলৰ মাত্ৰ এটা স্পৰ্শই আনিদিয়ে সমস্ত জগতৰ পূৰ্ণ মাদকতা । এৰি থৈ যায় পৰম শুখানুভুতি, যি স্বৰ্গীয়, যি চৰম মানবীয় অভিব্যক্তি । বৰ্ননাতীত পৰম তৃপ্তি।

ৠতু আহে ৠতু যায় assamese poem sms

ৠতু আহে ৠতু যা য় । পৰিভ্ৰমী চৰায়ে , সপোন বিচাৰি জীৱনৰ মাজেৰে আকৌ উৰিব এবাৰ বিচাৰি নিশাৰ আশ্ৰয়। পুৱাৰ পৰা আকৌ আবেলি হব, পৰিক্ৰমাৰ মাজেদি আগুৱাই যাব সপোনবোৰ। ধুনীয়া পৃথিবীখন আৰু ধুনীয়া হব ।

যি দৰে ৰৈ যাব মোবাইলৰ ডাটা WhatsApp Facebook Assamese Poem

যেতিয়াই নাপাইছিলো তোমাৰ খবৰ, পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত। Fb,WA আৰু Instagram ৰ  দুনিয়াত হাবাথুৰি খাই ফুৰিছিলো বিচাৰি তোমাৰ খবৰ। তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত পৰিছিল ভাগি মোৰ থুনুকা হৃদয়। চাবুকৰ কোবত যেন চিৰাচিৰ দেহা । প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ বিচৰাই যেন মোৰ বেহা । অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ, জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়। আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে, যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই । ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ , যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ। কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।

হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা

হেঙুলীয়া আবেলিটোৰ মাদকতাত ডুব যোৱা বেলিটো পশ্চিমৰ দিগন্তত অস্তপ্ৰায় । বিচ্ছুৰিত বৰ্নালীৰ অপৰূপ আভাৰ দ্বাৰা পৰিবেস্টিত  মুখমণ্ডলৰ উজ্জলতাই ম্লান কৰিদিলে হাজাৰ বছৰ পুৰণি মান্যতাক । লিখাহৈছে হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা । পুস্পবৃষ্টিৰ প্ৰেমত মতলীয়া আজিৰ শীতৰ সন্ধিয়াই কিয় বাৰু আলিঙ্গন কৰে;  সদ্য যৌৱন প্ৰাপ্ত প্লাবিতাৰ লগত  । শিলত ঠেকা খাই খাই বাগৰি অহা সুভ্ৰ শীতল জলৰাশিৰ কোলাত বহি থকা মাত্ৰ যেন এটা নিশ্চুপ শিলগুটি।  কি যে বিমূৰ্ত।

শংকা ঘনীভূত,নাপাই তোমাৰ ঠিকনা।

শংকা ঘনীভূত, নাপাই তোমাৰ ঠিকনা। মনৰ দাপোন মলিয়ন,  ডাঠ কুঁৱলিৰে আবৰা । বাৰেপতি সুধিছো, কৰিছো প্ৰশ্ন অনেক, কৰিলা নিকি তুমি ভুল কিবা, কালি আবেলিৰ বেলিৰ লগত । থৈছে নিকি কোনোবাই  লুকাই তোমাক, ইয়াৰ  বাবে দি শাস্তি পৰম...। উৎকন্ঠা আৰু আবেগৰ উঠিছে জোৱাৰ, শিৰাই শিৰাই প্ৰচন্দ ৰক্তৰ প্ৰবাহ, স্নায়ু-পেশীৰ প্ৰবল আতংকত জৰ্জৰিত প্ৰাণ ।  যিমানে পাৰহৈছে পল অনুপল , তিমানে বৃদ্ধি পাইছে মোৰ হৃদয়ৰ স্পন্দন।  জনাইছো প্ৰনিপাত মহাপ্ৰভুক দিয়া মোক তোমাৰ ঠিকনা ।।।

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem

নিজান ৰাতি,  আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ  দিয়া নাই গুলপীয়া ওঠ দুটিক ? স্নিগ্ধ জোনাকৰ মধুৰ স্পৰ্শই কপনি তুলিছে  হৃদয়ৰ কোনোবা নিভাঁজ কোনত । সৰিছে নিয়ৰ আজি, সেমেকিছে দুবৰি, মিলনৰ পূণ্য ভুমিত একেকাৰ হবৰ মন গৈছে , সাঁতুৰি নাদুৰি তোমাৰ হৃদয়ত ।

নিমন্ত্ৰণ আহিছে Assamese Poem

নিমন্ত্ৰণ আহিছে, দেবীয়ে বিচাৰিছে, প্ৰনিপাত জনাইছো, গ্ৰহন কৰা অঞ্জলি, সুদাহাতে আহিছো, দিবলৈ একোৱেই নাই, বিচাৰিছো আশিস তোমাৰ, জীৱনৰ বিয়লি বেলাত ।

বিস্ময়ত পুলকিত প্ৰাণ   Assamese Modern Abstract Poem

Assamese Poem Assamese Abstract Modern Poem পৃষ্ঠাই পৃষ্ঠাই বিন্দুৰ সমাহাৰ। অসলগ্ন কিছু বিন্দু; নাই যেন কোনো সম্পৰ্ক।  উপলব্ধিয়ে যেতিয়া বুজাই দিয়ে বিন্দুৰ যোগসূত্ৰ, শিহৰিত হয় প্ৰাণ, মুগ্ধ কৰে অন্তৰ, দেহত সঞ্চাৰ আবেগৰ বিজুলী বাণ ।  যিমানেই উদ্ধাৰ ৰহস্য ৰ মায়াজাল, সিমানে বিস্ময়ত পুলকিত প্ৰাণ ।  আধা মেলা পুৰনি উৱলী যাব ধৰা কিতাপ খন । ********