শংকা ঘনীভূত,
নাপাই তোমাৰ ঠিকনা।
নাপাই তোমাৰ ঠিকনা।
মনৰ দাপোন মলিয়ন,
ডাঠ কুঁৱলিৰে আবৰা ।
বাৰেপতি সুধিছো,
কৰিছো প্ৰশ্ন অনেক,
কৰিলা নিকি তুমি ভুল কিবা,
কালি আবেলিৰ বেলিৰ লগত ।
থৈছে নিকি কোনোবাই লুকাই তোমাক,
ইয়াৰ বাবে দি শাস্তি পৰম...।
উৎকন্ঠা আৰু আবেগৰ উঠিছে জোৱাৰ,
শিৰাই শিৰাই প্ৰচন্দ ৰক্তৰ প্ৰবাহ,
স্নায়ু-পেশীৰ প্ৰবল আতংকত জৰ্জৰিত প্ৰাণ ।
যিমানে পাৰহৈছে পল অনুপল ,
তিমানে বৃদ্ধি পাইছে মোৰ হৃদয়ৰ স্পন্দন।
জনাইছো প্ৰনিপাত মহাপ্ৰভুক
দিয়া মোক তোমাৰ ঠিকনা ।।।
Comments
Post a Comment