নিজান ৰাতি,
আউলি বাউলী তোমাৰ কেশ ,
আধা মেলা নয়নৰ চঞ্চলতাই,
আজি কিয় শুবলৈ দিয়া নাই
গুলপীয়া ওঠ দুটিক ?
আউলি বাউলী তোমাৰ কেশ ,
আধা মেলা নয়নৰ চঞ্চলতাই,
আজি কিয় শুবলৈ দিয়া নাই
গুলপীয়া ওঠ দুটিক ?
স্নিগ্ধ জোনাকৰ মধুৰ স্পৰ্শই
কপনি তুলিছে হৃদয়ৰ কোনোবা
নিভাঁজ কোনত ।
সৰিছে নিয়ৰ আজি,
সেমেকিছে দুবৰি,
মিলনৰ পূণ্য ভুমিত
একেকাৰ হবৰ মন গৈছে ,
সাঁতুৰি নাদুৰি তোমাৰ হৃদয়ত ।
Comments
Post a Comment