পাৰাপাৰ বিহিন অথাই সমুদ্ৰত,
এদিন মেলিছিলো নৌকা মোৰ,
বিচাৰি জীৱন সাথৰৰ অৰ্থ বোৰ ।
উপকূলৰ সৈতে সমুদ্ৰৰ কি নিবিড় সম্পৰ্ক!!
দেখিলো সদায়ে সমুদ্ৰই চৰণ পখালে ,
হিয়া উজাৰি মৰম ভালপোৱা
বোৰ উপকূলক যাচে।
গভীৰ প্ৰেমৰ অতুলনীয় স্বৰূপ ,
দেখি আজি অভিভূত হ'লো ।
সমুদ্ৰক নমস্কাৰ জনাই যাত্ৰাত আগবাঢ়ি গলো ।
নৌকা বিহাৰৰ উদ্দেশ্য নাছিল,
আমোদ-প্ৰমোদৰ বা ক্ষূধা নিবাৰণৰ ।
আছিল ই এক প্ৰেমৰ বৌদ্ধিক যাত্ৰা ।
নাছিলোঁ নাবিক মই গভীৰ সমুদ্ৰৰ,
ডুবিয়াইছিলোঁ সঘনাই ধৰিবলৈ মানিক ।
সমুদ্ৰ গৰ্ভত অজান কোনত পালো এক মানিক,
আনিলো তুলি আলফুল কৰি,
সযতনে দিলো ৰূপ কহিনুৰ কৰি ।
ৰহস্যময় মানবীয় অনুভূতিৰ অৰ্থ বিচাৰি,
পাল আকৌ তুলি ধৰিছো অজান সমুদ্ৰত।
উপকুলৰ পৰা নিলগত দিগন্তৰ দিশে ।
Comments
Post a Comment