Skip to main content

Posts

Showing posts with the label असमिया कविता Assamese Poem

নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত An Assamese Hot Romantic 🔥 Poem

An  Assamese Hot Romantic 🔥 Poem   নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত  তপ্ত পৰশৰ মাদকতাৰ পৰা  পলায়ন কৰি নিজকে কিমান  দিবা যাতনা ?  সঘন উশাহৰ উশৃংখলতাই যৌৱনৰ  উঠন বুকৰ ভাজে ভাজে নামাই দিয়া আকাশি গংগাৰ মৃদু লুণীয়া গোন্ধটো বাৰু কেনেকৈ লুকুৱাবা নিজৰ পৰা ।  কম্পিত সিক্ত তোমাৰ গুলপীয়া ওঠ দুটিক  কোনে বাৰু বুজাব আজি লেলাউটিৰ পৰিভাষা । ইচাট বিচাট কৰি বাগৰ সলাই সলাই  খুলি  দিলা সমস্ত যৌৱনৰ অনুভূতি।  এৰি দিলা থোকা থুকি শব্দৰ অশ্লীলতা কম্পিত হল নিসিদ্ধ যৌৱন । ডুবি গল আজি যৌনতাৰ দুৱাৰডলি  থাকিগল মিছা অহংকাৰ , প্ৰেম আদি ।  নিসিদ্ধ  গংগাত দুব গল সকলোবোৰ। 

কুত্তা kutta. অসমীয়া কবিতা Best Assamese abstract poem

কুত্তা, মালিকৰ ৰোৱা থোৱা খাই জীয়াই থাকিব লগা এটি প্ৰাণী । মালিকৰ মৰ্জিত পাব সি খাদ্য। ৰৈ থাকে ------ খাপ পাতে --- প্ৰচন্দ গোৰ ,,,, কেং কেং কেং । আকৌ  বিস্কুট, আকৌ লেতুসেতু। কৰণ মালিকে জানে, কুত্তাৰ চৰিত্ৰ।

মন যোৱা নাই Assamese top romantic love poem ,দুই শৰীৰৰ ঘৰ্মাক্ত দেহৰ আমেজ

মন যোৱা নাই। শুকান বতৰত আকাংক্ষাৰ লহৰ মাৰ গৈছে ধুলি বালিৰ পচোৱাৰ মাজত । ৰোমাণ্টিক প্ৰেমৰ কবিতাত থাকে মাত্ৰ আবেগ অনুভুতি মিশ্ৰিত কল্পনাৰ লহৰ। কোনোবা অতৃপ্ত কবিৰ মনৰ অপূৰ্ণ বাসনা , নোপোৱাক ঢাকি ৰখাৰ আপ্ৰাণ অপচেষ্টা  । প্ৰেমে তেতিয়াহে পূৰ্ণতা পায় , যেতিয়া দুই শৰীৰৰ ঘৰ্মাক্ত দেহৰ আমেজ ভৰা যুগল বন্দিত কপিউঠে সমগ্ৰ ধৰা। প্ৰেম মানে নিঃসঙ্গতাৰ কলীয়া ডাৱৰক জীৱনৰ স'তে ধেমালিৰ সুযোগ নিদিয়াৰ। গোপনে পৰস্পৰে পৰস্পৰত সমাহিত হৈ ব্যাপ্ত হয় যেন শিৰাই শিৰাই । মতলীয়া কৰি তোলে মন প্ৰাণ, উত্তেজিত কৰি তোলে  শৰীৰৰ ৰাসায়ন । জীপাল আৰু অৰ্থ পূৰ্ণ কৰিতোলে জীৱনটো। হাজাৰ জনৰ হাবাথুৰি, নাপাই এই জীৱনত , পূৰ্ণ নিস্বাৰ্থ প্ৰেমৰ সংজ্ঞা। প্ৰনিপাত জনাইছো হৃদয়ৰ নিভাঁজ কোনৰ পৰা, পাইছো পূৰ্ণতা, তোমাৰেই দুবাহুত। বহাগ আহিব , গছেও কুঁহিপাত মেলিব ধৰালৈ নামিব সেউজ  ।।। ..... মন যোৱা নাই .অ'........।

খবৰহৈ আহিম নিশ্চিয় ঘুৰি assamese poem -Top Assamese Breakup Poem

খবৰৰ শূন্যতাত অবসাদ অনুভৱ, নাইকিয়া হল খবৰ বোৰ জীৱনৰ পৰা । লাহে লাহে বহু লাহে লাহে। গমেই নাপালো কেতিয়া কি হৈ গ'ল। ভিক্ষাৰী হ'লো নিকি জোন বাই ? নাছিলোঁ মই কৃষ্ণ পক্ষৰ চন্দ্ৰ। ...

সমুদ্ৰত মানিক বিচাৰি assamese kobita

পাৰাপাৰ বিহিন অথাই সমুদ্ৰত, এদিন মেলিছিলো নৌকা মোৰ, বিচাৰি জীৱন সাথৰৰ অৰ্থ বোৰ । উপকূলৰ সৈতে সমুদ্ৰৰ কি নিবিড় সম্পৰ্ক!! দেখিলো সদায়ে সমুদ্ৰই চৰণ পখালে , হিয়া উজাৰি মৰম ভা...

মৰা সুতিত আজি চেঙ মাছৰ কিৰিলি ।

নদীয়ে সোঁত সলায়, নতুন সুতিদি আকৌ, প্ৰবাহিত জীৱনৰ নিৰ্মলতা । ৰৈ যায় মৰা সুতিৰ বলুকাত, একাচলু পানী। স্হিৰ, মলিন আৰু নিৰ্বিকাৰ । প্ৰতিবিম্ব ভাঁহি উঠে উদিত সূৰ্য্যৰ , ক্ৰমাত ধ...

নিঃসঙ্গতাৰ ভয়াবহ ইংগিত Assamese poetry kobita

নিঃসঙ্গতাৰ ভয়াবহ ইংগিত । যন্ত্ৰণাৰ চৰম মাদকতাত লুতুৰিপুতুৰি, আবেগ অনুভূতিৰ লগত উমলি, মিতিৰালি পাতিছো আজি আন্ধাৰ লগত, ৰঙাদলিচা পাৰি জনাইছোঁ আদৰণি, বহি আন্ধাৰ শোৱনিকোঠ...

আগুৰি লৈছা , পাৰিছা । Assamese short poem

পাৰিছা । শিকিছা । সহিছা । কৰিছা । ভুগিছা । ডুবিয়াইছা । বুটলিছা । দেখিছা । পাৰিবা। ............................................ আগুৰি লৈছা , পাৰিছা । ন ন অভিজ্ঞতা, শিকিছা । কৰ্মৰ প্ৰবল হেছা, সহিছা । জ্ঞানৰ পূৰ্ণ ...

নপৰিব যিদিনা,মনত তোমালৈ Assamese Romantic Poem

নপৰিব যিদিনা, মনত তোমালৈ, জানিবা সিদিনা, বিলিন হলো বুলি। এৰি থৈ যাম সমস্ত পৃথিৱী, লগত লৈ যাম তোমাৰ স্মৃতি। লৈছো অম্লজান উশাহত আজি, নহয় কিন্তু ই মোৰ জীয়াই থকাৰ আশক্তি।   কৰিছো স্মৰণ ক্ষণে ক্ষণে তোমাক, ই যে মোৰ জীৱনৰ চালিকা শক্তি।

বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ !

বাস্তৱৰ পৰা বহু নিলগত , কল্পনাৰ ৰাজ্য । য'ত সপোন বোৰ সজীৱ হয় , পাই তোমাৰ আকুন্ঠ মৰম । কঁপিছে আকাশ , কঁপিছে মেদিনী, হঠাৎ খহিছে তৰা , প্ৰবল হেন্দোলনিত । তৰা বিহিন আকাশ যেন কল্পনাৰো অগোচৰ, আকাশেও পাব কষ্ট তৰা অবিহনে । ৰিক্ত হৃদয়ৰ কম্পন,খালি অনুভব, নাই কোনো তুলনা ,খালি অনুভব। নকও নকৰিবা বুলি  হিংসা, যদি দেখিছা , বুজিবা দহনৰ অগ্নিত তপ্ত প্ৰাণ , আহুতি দিবলৈকো আজি যেন একোৱেই নাই। তপ্ত বলুকাত আছোঁ  জীয়াই , বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ ! উপন্যাসৰ কাহিনীত কৈয়ো ৰোমাঞ্চেৰে পৰিপূৰ্ণ জীৱন !!!!

ৠতু আহে ৠতু যায় assamese poem sms

ৠতু আহে ৠতু যা য় । পৰিভ্ৰমী চৰায়ে , সপোন বিচাৰি জীৱনৰ মাজেৰে আকৌ উৰিব এবাৰ বিচাৰি নিশাৰ আশ্ৰয়। পুৱাৰ পৰা আকৌ আবেলি হব, পৰিক্ৰমাৰ মাজেদি আগুৱাই যাব সপোনবোৰ। ধুনীয়া পৃথিবীখন আৰু ধুনীয়া হব ।

যি দৰে ৰৈ যাব মোবাইলৰ ডাটা WhatsApp Facebook Assamese Poem

যেতিয়াই নাপাইছিলো তোমাৰ খবৰ, পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত। Fb,WA আৰু Instagram ৰ  দুনিয়াত হাবাথুৰি খাই ফুৰিছিলো বিচাৰি তোমাৰ খবৰ। তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত পৰিছিল ভাগি মোৰ থুনুকা হৃদয়। চাবুকৰ কোবত যেন চিৰাচিৰ দেহা । প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ বিচৰাই যেন মোৰ বেহা । অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ, জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়। আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে, যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই । ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ , যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ। কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।

পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক

দেহাত ৰৈ গ'ল কিছূ মধুৰ স্মৃতি , লিৰিকি বিদাৰি কৰিছো তকে ৰোমন্থন | পলে পলে অনুভৱ শিহৰণৰ মধুৰ ঝনকাৰ ; ঘৰ্মাক্ত দেহাত অবসাদৰ লভিছো পৰম তৃপ্তি  | উঠন বুকুৰ মাজেদি আগুৱাই গৈছে ঘামৰ কনিকা, এৰিথৈ গৈছে মিঠা মিঠা গোন্ধ এটা | শীতকালতো অনুভৱ গ্ৰীষ্মকাল প্ৰখৰতা, পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক ।

পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem

দেখা নাই মই, তথাপি শুনিছিলো সৰুতে আইতাৰ মুখত, পৰীৰ ৰূপ লাবণ্যৰ কথা। পৰী চোৱাৰ হেপাহ সদায়েই আছিল । কল্পনাৰ সাগৰত যেতিয়াই ডুবিয়াইছিলো, তেতিয়াও কিজানি পৰিস্ফুত হোৱানাছিল পৰীৰ অবয়বৰ কথা!! বৰ্ননাতীত আপৰূপ আভাই চকুত চাতমাৰি ধৰে। চাবই নোৱাৰি সাধাৰণ মনুষ্য হৈ, আজিও যেন থাকি গল , পৰী চোৱাৰ হেপাহ। ঘুমুতি ভাঙিলে পৰীও বোলে আঁতৰি যায় ; কোনোবা জোনবাইৰ দেশলৈ.. আইতাই কৈছিল তাহানিতেই।

শংকা ঘনীভূত,নাপাই তোমাৰ ঠিকনা।

শংকা ঘনীভূত, নাপাই তোমাৰ ঠিকনা। মনৰ দাপোন মলিয়ন,  ডাঠ কুঁৱলিৰে আবৰা । বাৰেপতি সুধিছো, কৰিছো প্ৰশ্ন অনেক, কৰিলা নিকি তুমি ভুল কিবা, কালি আবেলিৰ বেলিৰ লগত । থৈছে নিকি কোনোবাই  লুকাই তোমাক, ইয়াৰ  বাবে দি শাস্তি পৰম...। উৎকন্ঠা আৰু আবেগৰ উঠিছে জোৱাৰ, শিৰাই শিৰাই প্ৰচন্দ ৰক্তৰ প্ৰবাহ, স্নায়ু-পেশীৰ প্ৰবল আতংকত জৰ্জৰিত প্ৰাণ ।  যিমানে পাৰহৈছে পল অনুপল , তিমানে বৃদ্ধি পাইছে মোৰ হৃদয়ৰ স্পন্দন।  জনাইছো প্ৰনিপাত মহাপ্ৰভুক দিয়া মোক তোমাৰ ঠিকনা ।।।

নিমন্ত্ৰণ আহিছে Assamese Poem

নিমন্ত্ৰণ আহিছে, দেবীয়ে বিচাৰিছে, প্ৰনিপাত জনাইছো, গ্ৰহন কৰা অঞ্জলি, সুদাহাতে আহিছো, দিবলৈ একোৱেই নাই, বিচাৰিছো আশিস তোমাৰ, জীৱনৰ বিয়লি বেলাত ।