Skip to main content

লিপিত খাই দেহৰ ভাজে ভাজে assamese love poem

লিপিত খাই দেহৰ ভাজে ভাজে,
একাত্ম হওঁ জীৱনৰ স'তে।

চুটি চুটি উশাহত ,
নিশব্দ ৰজনীৰ নিদ্ৰা ভংগ।

লাজতে লুকায় পূৰ্ণিমাৰ জোনটি,
ঢাকিলৈ শুকুলা মেঘৰ ওৰণি।

দৌৰি দৌৰি অশ্ব আজি ক্লান্ত,
পদচিহ্নত ক্ষত বিক্ষত মাজুলী।

ববচা বননিত লৈছে  জিৰণি,
পান কৰি অমৃত  জল ধাৰা।

ভিজাভিজা মৰমৰ তৃপ্তিত,
কঁপি উঠিল গুলপীয়া ওঠ দুটি,
কৰি অস্ফুৰিত শব্দৰ বৰষুন ।

Comments