বাস্তৱৰ পৰা বহু নিলগত ,
কল্পনাৰ ৰাজ্য ।
কল্পনাৰ ৰাজ্য ।
য'ত সপোন বোৰ সজীৱ হয় ,
পাই তোমাৰ আকুন্ঠ মৰম ।
পাই তোমাৰ আকুন্ঠ মৰম ।
কঁপিছে আকাশ , কঁপিছে মেদিনী,
হঠাৎ খহিছে তৰা , প্ৰবল হেন্দোলনিত ।
হঠাৎ খহিছে তৰা , প্ৰবল হেন্দোলনিত ।
তৰা বিহিন আকাশ যেন কল্পনাৰো অগোচৰ,
আকাশেও পাব কষ্ট তৰা অবিহনে ।
আকাশেও পাব কষ্ট তৰা অবিহনে ।
ৰিক্ত হৃদয়ৰ কম্পন,খালি অনুভব,
নাই কোনো তুলনা ,খালি অনুভব।
নাই কোনো তুলনা ,খালি অনুভব।
নকও নকৰিবা বুলি হিংসা,
যদি দেখিছা ,
বুজিবা দহনৰ অগ্নিত তপ্ত প্ৰাণ ,
আহুতি দিবলৈকো আজি
যেন একোৱেই নাই।
যদি দেখিছা ,
বুজিবা দহনৰ অগ্নিত তপ্ত প্ৰাণ ,
আহুতি দিবলৈকো আজি
যেন একোৱেই নাই।
তপ্ত বলুকাত আছোঁ জীয়াই ,
বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ !
বিচাৰিছো তোমাৰ আচলৰ শীতল ছাঁ !
উপন্যাসৰ কাহিনীত কৈয়ো
ৰোমাঞ্চেৰে পৰিপূৰ্ণ জীৱন !!!!
ৰোমাঞ্চেৰে পৰিপূৰ্ণ জীৱন !!!!
Comments
Post a Comment