Skip to main content

Posts

Showing posts with the label Funny Assamese Joke

দুৰ্বাৰ অপেক্ষাৰত ফুলৰ সুৰভিৰ সন্ধানাৰ্থে - Assamese Lover's Feelings in Poem

Assamese Lover's Feelings  অসম্ভৱ নহয় যে কথাবোৰ , যদিহে থাকে আন্তৰিকতা । দুৰ্বাৰ আকৰ্ষণৰ তীব্ৰ আহ্বান, প্ৰতিফলিত হয় ৰূপালী নিজৰাত। জিলমিল ৰূপালী নিজৰাৰ পাৰে পাৰে, হিম চেঁচা পানীত প্ৰতিবিম্ব চাই হৃদয়ৰ । উৎফুলিত মনৰ চঞ্চলতাই, জগাই হেঁপাহৰ আদিম কামনা বাসনা । নিলিম আকাশৰ শুকুলা মেঘে চুমা যাচে দুগালতে কৰি আলিঙ্গন বতাহৰ সৈতে  । বিলাবলৈ মধুৰ মুহূৰ্ত্তৰ কুশল বাৰ্তা , কৰে অপেক্ষা  লাজ লাজ কৈ । পদে পদে থমকি ৰয় কিন্তু হতাশ নহয়, আহুকাল নেওচি আগ বাঢ়ি যায়।   বতাহ এজাক যেন  বৈ আহে লগত লৈ ফুলৰ ৰেণু, পাইছো সুৰভি নিশ্বাস লৈ সেমেকা বায়ুৰ।

নতুনকৈ লিখিছিল প্ৰেমৰ পৰিভাষা

চকুৰ পানীৰে  তিয়াই দিছিলি, একমাত্ৰ সাৰথি কৰি গাৰুটোক । নিসংগতাক দিছিলি বিদায় , পাই অবেগ অনুভুতিৰ অৰ্থ বোৰ । নাযায় অথলে নিদ্ৰা বিহীন ৰজনীৰ ব্যাকুলতা ভৰা দিন বোৰ । তয়েই যো...

বিষাইছে , বিষাবলৈ দিয়া।বিষ বৰ আদৰৰ..

Romantic Love Story Art {दुनिया की आत्म-विनाशकारी शक्ति की कहानी The story of the self-destructive power of the world }असमिया कविता Assamese Poem বিষাইছে , বিষাবলৈ দিয়া। বিষ বৰ আদৰৰ। বিষ যেন মোৰ বৰ মৰমৰ। নাথাকে যেতিয়া শীতকালত গছ বিৰিষত পাত , লঠঙা ডালেই যিদৰে গছৰ সাৰথি। বিষো মোৰ বাবে তেনেকুৱাই লগৰী। মহাকালৰ নিষ্ঠুৰ গৰ্ভত বিষৰ উৎপত্তি আৰু মহাকালৰ বুকুতেই যেন ইয়াৰ পৰিসমাপ্তি।  যিমানেই আগুৱাই গৈছো সিমানেই দৃহ হৈছে, বিষৰ লগত মোৰ আত্মীয়তা।  বিষাইছে আজি , বিষাবলৈ দিয়া ।। আত্মদহনৰ মহাযজ্ঞত বিষৰ আহুতি যেন সাগৰ মন্হনৰ পাছত নীলকন্ঠৰ দহনৰ কাহিনী।