নদীয়ে সোঁত সলায়,
নতুন সুতিদি আকৌ,
প্ৰবাহিত জীৱনৰ নিৰ্মলতা ।
ৰৈ যায় মৰা সুতিৰ বলুকাত,
একাচলু পানী।
স্হিৰ, মলিন আৰু নিৰ্বিকাৰ ।
প্ৰতিবিম্ব ভাঁহি উঠে উদিত সূৰ্য্যৰ ,
ক্ৰমাত ধুসুৰ প্ৰতিবিম্ব মলিন পানীত।
তৃষ্ণাতুৰৰ তৃষ্ণা নোৱাৰে কৰিব দূৰ,
নোৱাৰে দিব অঞ্জলি পূজা অৰ্চনাত,
মৰা সুতিত আজি চেঙ মাছৰ কিৰিলি ।
Comments
Post a Comment