দেখা নাই মই,
তথাপি শুনিছিলো সৰুতে আইতাৰ মুখত,
পৰীৰ ৰূপ লাবণ্যৰ কথা।
তথাপি শুনিছিলো সৰুতে আইতাৰ মুখত,
পৰীৰ ৰূপ লাবণ্যৰ কথা।
পৰী চোৱাৰ হেপাহ সদায়েই আছিল ।
কল্পনাৰ সাগৰত যেতিয়াই ডুবিয়াইছিলো,
তেতিয়াও কিজানি পৰিস্ফুত
হোৱানাছিল পৰীৰ অবয়বৰ কথা!!
বৰ্ননাতীত আপৰূপ আভাই চকুত চাতমাৰি ধৰে।
চাবই নোৱাৰি সাধাৰণ মনুষ্য হৈ,
আজিও যেন থাকি গল ,
পৰী চোৱাৰ হেপাহ।
ঘুমুতি ভাঙিলে পৰীও বোলে আঁতৰি যায় ;
কোনোবা জোনবাইৰ দেশলৈ..
আইতাই কৈছিল তাহানিতেই।
কোনোবা জোনবাইৰ দেশলৈ..
আইতাই কৈছিল তাহানিতেই।
Comments
Post a Comment