Skip to main content

Posts

যি দৰে ৰৈ যাব মোবাইলৰ ডাটা WhatsApp Facebook Assamese Poem

যেতিয়াই নাপাইছিলো তোমাৰ খবৰ, পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত। Fb,WA আৰু Instagram ৰ  দুনিয়াত হাবাথুৰি খাই ফুৰিছিলো বিচাৰি তোমাৰ খবৰ। তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত পৰিছিল ভাগি মোৰ থুনুকা হৃদয়। চাবুকৰ কোবত যেন চিৰাচিৰ দেহা । প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ বিচৰাই যেন মোৰ বেহা । অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ, জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়। আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে, যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই । ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ , যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ। কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।

হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা

হেঙুলীয়া আবেলিটোৰ মাদকতাত ডুব যোৱা বেলিটো পশ্চিমৰ দিগন্তত অস্তপ্ৰায় । বিচ্ছুৰিত বৰ্নালীৰ অপৰূপ আভাৰ দ্বাৰা পৰিবেস্টিত  মুখমণ্ডলৰ উজ্জলতাই ম্লান কৰিদিলে হাজাৰ বছৰ পুৰণি মান্যতাক । লিখাহৈছে হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা । পুস্পবৃষ্টিৰ প্ৰেমত মতলীয়া আজিৰ শীতৰ সন্ধিয়াই কিয় বাৰু আলিঙ্গন কৰে;  সদ্য যৌৱন প্ৰাপ্ত প্লাবিতাৰ লগত  । শিলত ঠেকা খাই খাই বাগৰি অহা সুভ্ৰ শীতল জলৰাশিৰ কোলাত বহি থকা মাত্ৰ যেন এটা নিশ্চুপ শিলগুটি।  কি যে বিমূৰ্ত।

পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক

দেহাত ৰৈ গ'ল কিছূ মধুৰ স্মৃতি , লিৰিকি বিদাৰি কৰিছো তকে ৰোমন্থন | পলে পলে অনুভৱ শিহৰণৰ মধুৰ ঝনকাৰ ; ঘৰ্মাক্ত দেহাত অবসাদৰ লভিছো পৰম তৃপ্তি  | উঠন বুকুৰ মাজেদি আগুৱাই গৈছে ঘামৰ কনিকা, এৰিথৈ গৈছে মিঠা মিঠা গোন্ধ এটা | শীতকালতো অনুভৱ গ্ৰীষ্মকাল প্ৰখৰতা, পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক ।

পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem

দেখা নাই মই, তথাপি শুনিছিলো সৰুতে আইতাৰ মুখত, পৰীৰ ৰূপ লাবণ্যৰ কথা। পৰী চোৱাৰ হেপাহ সদায়েই আছিল । কল্পনাৰ সাগৰত যেতিয়াই ডুবিয়াইছিলো, তেতিয়াও কিজানি পৰিস্ফুত হোৱানাছিল পৰীৰ অবয়বৰ কথা!! বৰ্ননাতীত আপৰূপ আভাই চকুত চাতমাৰি ধৰে। চাবই নোৱাৰি সাধাৰণ মনুষ্য হৈ, আজিও যেন থাকি গল , পৰী চোৱাৰ হেপাহ। ঘুমুতি ভাঙিলে পৰীও বোলে আঁতৰি যায় ; কোনোবা জোনবাইৰ দেশলৈ.. আইতাই কৈছিল তাহানিতেই।

শংকা ঘনীভূত,নাপাই তোমাৰ ঠিকনা।

শংকা ঘনীভূত, নাপাই তোমাৰ ঠিকনা। মনৰ দাপোন মলিয়ন,  ডাঠ কুঁৱলিৰে আবৰা । বাৰেপতি সুধিছো, কৰিছো প্ৰশ্ন অনেক, কৰিলা নিকি তুমি ভুল কিবা, কালি আবেলিৰ বেলিৰ লগত । থৈছে নিকি কোনোবাই  লুকাই তোমাক, ইয়াৰ  বাবে দি শাস্তি পৰম...। উৎকন্ঠা আৰু আবেগৰ উঠিছে জোৱাৰ, শিৰাই শিৰাই প্ৰচন্দ ৰক্তৰ প্ৰবাহ, স্নায়ু-পেশীৰ প্ৰবল আতংকত জৰ্জৰিত প্ৰাণ ।  যিমানে পাৰহৈছে পল অনুপল , তিমানে বৃদ্ধি পাইছে মোৰ হৃদয়ৰ স্পন্দন।  জনাইছো প্ৰনিপাত মহাপ্ৰভুক দিয়া মোক তোমাৰ ঠিকনা ।।।

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem

নিজান ৰাতি,  আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ  দিয়া নাই গুলপীয়া ওঠ দুটিক ? স্নিগ্ধ জোনাকৰ মধুৰ স্পৰ্শই কপনি তুলিছে  হৃদয়ৰ কোনোবা নিভাঁজ কোনত । সৰিছে নিয়ৰ আজি, সেমেকিছে দুবৰি, মিলনৰ পূণ্য ভুমিত একেকাৰ হবৰ মন গৈছে , সাঁতুৰি নাদুৰি তোমাৰ হৃদয়ত ।

নিমন্ত্ৰণ আহিছে Assamese Poem

নিমন্ত্ৰণ আহিছে, দেবীয়ে বিচাৰিছে, প্ৰনিপাত জনাইছো, গ্ৰহন কৰা অঞ্জলি, সুদাহাতে আহিছো, দিবলৈ একোৱেই নাই, বিচাৰিছো আশিস তোমাৰ, জীৱনৰ বিয়লি বেলাত ।