Skip to main content

Posts

কুত্তা kutta. অসমীয়া কবিতা Best Assamese abstract poem

কুত্তা, মালিকৰ ৰোৱা থোৱা খাই জীয়াই থাকিব লগা এটি প্ৰাণী । মালিকৰ মৰ্জিত পাব সি খাদ্য। ৰৈ থাকে ------ খাপ পাতে --- প্ৰচন্দ গোৰ ,,,, কেং কেং কেং । আকৌ  বিস্কুট, আকৌ লেতুসেতু। কৰণ মালিকে জানে, কুত্তাৰ চৰিত্ৰ।

মন যোৱা নাই Assamese top romantic love poem ,দুই শৰীৰৰ ঘৰ্মাক্ত দেহৰ আমেজ

মন যোৱা নাই। শুকান বতৰত আকাংক্ষাৰ লহৰ মাৰ গৈছে ধুলি বালিৰ পচোৱাৰ মাজত । ৰোমাণ্টিক প্ৰেমৰ কবিতাত থাকে মাত্ৰ আবেগ অনুভুতি মিশ্ৰিত কল্পনাৰ লহৰ। কোনোবা অতৃপ্ত কবিৰ মনৰ অপূৰ্ণ বাসনা , নোপোৱাক ঢাকি ৰখাৰ আপ্ৰাণ অপচেষ্টা  । প্ৰেমে তেতিয়াহে পূৰ্ণতা পায় , যেতিয়া দুই শৰীৰৰ ঘৰ্মাক্ত দেহৰ আমেজ ভৰা যুগল বন্দিত কপিউঠে সমগ্ৰ ধৰা। প্ৰেম মানে নিঃসঙ্গতাৰ কলীয়া ডাৱৰক জীৱনৰ স'তে ধেমালিৰ সুযোগ নিদিয়াৰ। গোপনে পৰস্পৰে পৰস্পৰত সমাহিত হৈ ব্যাপ্ত হয় যেন শিৰাই শিৰাই । মতলীয়া কৰি তোলে মন প্ৰাণ, উত্তেজিত কৰি তোলে  শৰীৰৰ ৰাসায়ন । জীপাল আৰু অৰ্থ পূৰ্ণ কৰিতোলে জীৱনটো। হাজাৰ জনৰ হাবাথুৰি, নাপাই এই জীৱনত , পূৰ্ণ নিস্বাৰ্থ প্ৰেমৰ সংজ্ঞা। প্ৰনিপাত জনাইছো হৃদয়ৰ নিভাঁজ কোনৰ পৰা, পাইছো পূৰ্ণতা, তোমাৰেই দুবাহুত। বহাগ আহিব , গছেও কুঁহিপাত মেলিব ধৰালৈ নামিব সেউজ  ।।। ..... মন যোৱা নাই .অ'........।

খবৰহৈ আহিম নিশ্চিয় ঘুৰি assamese poem -Top Assamese Breakup Poem

খবৰৰ শূন্যতাত অবসাদ অনুভৱ, নাইকিয়া হল খবৰ বোৰ জীৱনৰ পৰা । লাহে লাহে বহু লাহে লাহে। গমেই নাপালো কেতিয়া কি হৈ গ'ল। ভিক্ষাৰী হ'লো নিকি জোন বাই ? নাছিলোঁ মই কৃষ্ণ পক্ষৰ চন্দ্ৰ। ...

সমুদ্ৰত মানিক বিচাৰি assamese kobita

পাৰাপাৰ বিহিন অথাই সমুদ্ৰত, এদিন মেলিছিলো নৌকা মোৰ, বিচাৰি জীৱন সাথৰৰ অৰ্থ বোৰ । উপকূলৰ সৈতে সমুদ্ৰৰ কি নিবিড় সম্পৰ্ক!! দেখিলো সদায়ে সমুদ্ৰই চৰণ পখালে , হিয়া উজাৰি মৰম ভা...

মৰা সুতিত আজি চেঙ মাছৰ কিৰিলি ।

নদীয়ে সোঁত সলায়, নতুন সুতিদি আকৌ, প্ৰবাহিত জীৱনৰ নিৰ্মলতা । ৰৈ যায় মৰা সুতিৰ বলুকাত, একাচলু পানী। স্হিৰ, মলিন আৰু নিৰ্বিকাৰ । প্ৰতিবিম্ব ভাঁহি উঠে উদিত সূৰ্য্যৰ , ক্ৰমাত ধ...

আদৰণি নতুন পুৱাৰ - Assamese Modern Motivational Poem for Lovers

Assamese Modern Motivational Poem for Lovers আদৰণি নতুন পুৱা, তোমাৰ জেউতিৰ পৰশত উজলি উঠিব আকৌ এটা নতুন জীৱন । বৃক্ষৰ ক্ষুদ্ৰ গুটিত থকা অপৰিসীম জীৱনী শক্তিৰ দৰে শক্তি সমাহিত তোমাৰেই কোমল হৃদয়ত । সপোন বিচাৰি জীৱনৰ মাজে মাজে কৰে গতি , নামানি বাধাৰ প্ৰাচীৰ।

দুৰ্বাৰ অপেক্ষাৰত ফুলৰ সুৰভিৰ সন্ধানাৰ্থে - Assamese Lover's Feelings in Poem

Assamese Lover's Feelings  অসম্ভৱ নহয় যে কথাবোৰ , যদিহে থাকে আন্তৰিকতা । দুৰ্বাৰ আকৰ্ষণৰ তীব্ৰ আহ্বান, প্ৰতিফলিত হয় ৰূপালী নিজৰাত। জিলমিল ৰূপালী নিজৰাৰ পাৰে পাৰে, হিম চেঁচা পানীত প্ৰতিবিম্ব চাই হৃদয়ৰ । উৎফুলিত মনৰ চঞ্চলতাই, জগাই হেঁপাহৰ আদিম কামনা বাসনা । নিলিম আকাশৰ শুকুলা মেঘে চুমা যাচে দুগালতে কৰি আলিঙ্গন বতাহৰ সৈতে  । বিলাবলৈ মধুৰ মুহূৰ্ত্তৰ কুশল বাৰ্তা , কৰে অপেক্ষা  লাজ লাজ কৈ । পদে পদে থমকি ৰয় কিন্তু হতাশ নহয়, আহুকাল নেওচি আগ বাঢ়ি যায়।   বতাহ এজাক যেন  বৈ আহে লগত লৈ ফুলৰ ৰেণু, পাইছো সুৰভি নিশ্বাস লৈ সেমেকা বায়ুৰ।