![]() |
| Assamese Lover's Feelings |
অসম্ভৱ নহয় যে কথাবোৰ ,
যদিহে থাকে আন্তৰিকতা ।
যদিহে থাকে আন্তৰিকতা ।
দুৰ্বাৰ আকৰ্ষণৰ তীব্ৰ আহ্বান,
প্ৰতিফলিত হয় ৰূপালী নিজৰাত।
প্ৰতিফলিত হয় ৰূপালী নিজৰাত।
জিলমিল ৰূপালী নিজৰাৰ পাৰে পাৰে,
হিম চেঁচা পানীত প্ৰতিবিম্ব চাই হৃদয়ৰ ।
হিম চেঁচা পানীত প্ৰতিবিম্ব চাই হৃদয়ৰ ।
উৎফুলিত মনৰ চঞ্চলতাই,
জগাই হেঁপাহৰ আদিম কামনা বাসনা ।
জগাই হেঁপাহৰ আদিম কামনা বাসনা ।
নিলিম আকাশৰ শুকুলা মেঘে চুমা যাচে
দুগালতে কৰি আলিঙ্গন বতাহৰ সৈতে ।
দুগালতে কৰি আলিঙ্গন বতাহৰ সৈতে ।
বিলাবলৈ মধুৰ মুহূৰ্ত্তৰ কুশল বাৰ্তা ,
কৰে অপেক্ষা লাজ লাজ কৈ ।
কৰে অপেক্ষা লাজ লাজ কৈ ।
পদে পদে থমকি ৰয় কিন্তু হতাশ নহয়,
আহুকাল নেওচি আগ বাঢ়ি যায়।
বতাহ এজাক যেন বৈ আহে লগত লৈ ফুলৰ ৰেণু,
পাইছো সুৰভি নিশ্বাস লৈ সেমেকা বায়ুৰ।
আহুকাল নেওচি আগ বাঢ়ি যায়।
বতাহ এজাক যেন বৈ আহে লগত লৈ ফুলৰ ৰেণু,
পাইছো সুৰভি নিশ্বাস লৈ সেমেকা বায়ুৰ।

Comments
Post a Comment