![]() |
| Romantic Love Story Art |
The story of the self-destructive power of the world }असमिया कविता Assamese Poem
বিষাইছে , বিষাবলৈ দিয়া।
বিষ বৰ আদৰৰ।
বিষ যেন মোৰ বৰ মৰমৰ।
নাথাকে যেতিয়া শীতকালত গছ বিৰিষত পাত , লঠঙা ডালেই যিদৰে গছৰ সাৰথি।
বিষো মোৰ বাবে তেনেকুৱাই লগৰী।
মহাকালৰ নিষ্ঠুৰ গৰ্ভত বিষৰ উৎপত্তি আৰু মহাকালৰ বুকুতেই যেন ইয়াৰ পৰিসমাপ্তি।
যিমানেই আগুৱাই গৈছো সিমানেই দৃহ হৈছে, বিষৰ লগত মোৰ আত্মীয়তা।
বিষাইছে আজি , বিষাবলৈ দিয়া ।।
আত্মদহনৰ মহাযজ্ঞত বিষৰ আহুতি যেন সাগৰ মন্হনৰ পাছত নীলকন্ঠৰ দহনৰ কাহিনী।

Comments
Post a Comment